Posts

অন্ধবিশ্বাস নে অজ্ঞতা

উত্তৰায়ণ

উত্তৰায়ণ কিছুদিন আগলৈকে নিজৰ মন-মন্দিৰত কোনো কাৰণত যিকোনো বিষয়ক লৈ প্ৰশ্নৰ উদ্ভাবন হ'লেই তাৰ ‌সমাধান সম্পৰ্কত দুই এটা চুটি গল্প,গল্প নতুবা কবিতাৰে সদোত্তৰ দিবলৈ অধ্যয়নপুষ্ট সদিচ্ছাক সতেজ কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছিলোঁ । কিন্তু আজিকালি সেই প্ৰচেষ্টাৰো অৱনতি ঘটিল । কিয়নো বৰ্তমান সৰহসংখ্যক লোকেই ম'বাইলৰ সঠিক ব্যাৱহাৰ সম্পৰ্কে গুৰুত্ব নেদিয়াৰ ফলস্বৰূপে ম'বাইল ব্যাৱহাৰৰ কি উপকাৰীতা কি অপকাৰীতা সেই বিষয়ে সঠিকভাৱে নেজানে, আনকি ম'বাইলটো যে সমাজসেৱাৰ প্ৰধান প্ৰচাৰ মাধ্যম ‌সেইটোয়ো নেজানি মনোৰঞ্জন খেলৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। স্বয়ং খেলখুচি অনুসৰি হকে-বিহকে যিকোনো লেখনী, নিজস্ব ফটো, নিজস্ব আমোদ প্ৰমোদ ইত্যাদি বিভিন্ন প্ৰকাৰৰ অলাগতীয়াল অভূতপূৰ্ব অবাঞ্চিত বিষয়বোৰেৰে ‌ সহকৰ্মী তথা ম'বাইল দূৰসংযোগ বন্ধু বৰ্গক অতিশয় অতিষ্ঠ কৰিবলৈও কুণ্ঠবোধ‌ নকৰে । যিকোনো বস্তু এটা প্ৰচাৰ মাধ্যমত দিয়াৰ আগতে দহবাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে , বিশেষকৈ বিষয় বাছনিতোৰে ৰাজ্য নতুবা সমাজ জীৱনৰ সাংগাঠনিক দিশৰ ইন্ধক হ'ব নে নহয়? কেইবাটামান বাক্য লিখিবলৈ জানিলেই কবি সাহিত্যিক হৈগ'ল বুলি বিশ্বাস কৰাটো অনুচিত।আকৌ তুলনামূলকভাৱে চাবলৈ গ'লে সম্প্ৰতি কবি-সাহিত্যিকৰ সংখ্যা অধিক পাঠকৰ সংখ্যা তাকৰ। সেয়ে আমি বোৰে ভাবিচিন্তি তাকৰিয়া অংশতে মনোনিবেশ কৰিছোঁ । অন্যথা অনতিবিলম্বে পাঠক বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনা আছে।

ভোগালী ৰ মাদকতা অসমীয়া জাতীয় চেতনাৰে লালিত -পালিত আমি প্ৰত্যেকজন অসমৰ বাসিন্দাই ভোগালী শব্দটো শুনা মাত্ৰকে অজানিতে ভোগৰ প্ৰতি লালায়ীত হোৱাই নহয় জাতীয় সত্বাৰে গৌৰৱান্বিত হৈপৰো। কিন্তু কিছু সংখ্যকে সুদীৰ্ঘ কাল অসমত বসবাস কৰা স্বত্বেও অদ্যপি অসমীয়া জাতীয় সত্ত্বাক হৃদঙ্গম কোনোপধ্যেই কৰা নাই বৰঞ্চ সুবিধা বুজি উপলুঙাহে কৰি আহিছে। আকৌ নগৰীয়া বাসিন্দা সকলে পশ্চিমীয়া সংস্কৃতিৰে আলফূলিত হৈ বহি:ৰাষ্ট্ৰৰ আমদানি কৃত বাৰেবঙলুৱা অপসংস্কৃতিৰে আমাৰ প্ৰচলিত সাতামপুৰুষীয়া বাপতি সাহোন ভোগালী বিহুক ন- সাজৰে সু সৰ্জিত কৰি বিহুক অপ্ৰাকৃতিক আৰু বিজতৰীয়া কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অন্যহাতে বিনা-মূলীয়া চাউলৰ ভাত খাই আৰু দোকান-বজাৰৰ পৰা ক্ৰয়-বিক্ৰয় কৰা চিৰা,পিঠা,লাড়ু,গুড়,দৈ খাই খাই অতিষ্ঠ হৈ ভোগালী বিহুয়ে ইতিমধ্যে গাঁৱৰ খেতিয়ক ৰাইজক তালাক দি অৱশেষত বোকা-মাটিৰ খেতি পথাৰৰ দুখ-যন্ত্ৰণাৰ পৰা অৱ্যহতি লৈ চহৰত আশ্ৰয় লৈছে গৈ ।বুদ্ধিজীৱীসকলে টিভি,ম'বাইল,দূৰসংযোগ ,নেটৱৰ্কিক ইত্যাদি মাধ্যমেৰে ভোগালীৰ গীত-মাত, সু-সৰ্জিত মে'জিঘৰ, সুস্বাদু খাদ্য সামগ্ৰীকে আদি কৰি সমষ্টখিনি সংবহন কৰি লৈ সম্প্ৰসাৰণৰ প্ৰতিযোগিতাৰ আৰম্ভ কৰিছে। গতিকে আমাৰ কৰণীয় একোৱেই নাই,কেৱল বহি বহি চাই চাই আনন্দতে আত্মাৰাম হ'লেই যথেষ্ঠ।

নৱবৰ্ষৰ শুভ কামনা

প্ৰকাশকৰ একাষাৰ

সৰিয়হৰ তলৰ ভূত

মৃতসঞ্জীৱনী

শুভাশীষ

যোগ্য ভোগ্য বসুন্ধৰা

নৱবৰ্ষৰ শুভেচ্ছা""""""""""""""""""""অসমীয়া জাতিৰ উমৈহতীয়া উৎসৱ বিহু । অসমৰ সকলো ধৰ্ম্মৰ সকলো বৰ্ণৰ মানুহে স্বত:ষ্ফুৰ্তভাৱে পালন কৰে বাবেই জাতীয় উৎসৱ বুলি কোৱা হয়।বিহু উৎসৱৰ মাজেৰে অসমীয়া জাতীয় আচাৰ-বিচাৰ-বিশ্বাস,কৃষ্টিকলা আৰু সভ্যতা-সংস্কৃতিৰ প্ৰতিফলন হয়।সেয়ে ড০ ভূপেন হাজৰীকা দেৱে গীতৰ মাজেৰে বিহুক অসমীয়াৰ আয়ুস-ৰেখা বুলি কৈছিল।আকৌ বিহু কোনো ধৰ্ম্মীয় উৎসৱ নহয়।কেৱল প্ৰকৃতি- প্ৰদত্ত আৰু ভৌগোলিক পৰিৱেশ আৰু আৰ্দ্ৰতাৰ ভিত্তিত প্ৰতিষ্ঠিত ।শ্ৰষ্টাই সৃষ্টিৰ অপাৰ মহিমাৰে মনোৰমকৈ অসমী-আইক সৃষ্টি কৰিছে।অসমৰ বাহিৰে পৃথিৱীত ক'তো পাবলৈ নাই য'ত প্ৰতি বছৰে ছয়-ঋতুৰ আস্বাদন উপভুক্ত হয়।তৎস্বত্বেও একশ্ৰেণী পাবত -গজা দুৰ্বোধ্য ন-অসমীয়াই বিহুক আকোৱালি লব বিচৰা নাই।যাহওক,ঋতু-ৰাজ বসন্তৰ প্ৰৱাল সোতে কঢ়িয়াই লৈ অহা অসমীয়াৰ নৱবৰ্ষই অসমীয়া সমাজৰ সকলো উচ্ছাস,আনন্দ,আবেগ-অনুভূতি ,আশা-আকাংক্ষাৰ প্ৰতিটো ষ্পন্দন ৰঙালী -বিহুৰ মাজেৰে প্ৰবাহিত হওক।নৱগত বছৰটোত কোনোপ্ৰকাৰৰ বিপদ-বিঘিৰ সন্মুখিন নহৈ সুখ-শান্তিৰ মাজেৰে গোটেই বছৰটো উপভোগ কৰাৰ শুভ কামণাৰে সমূহ অসম-বাসী ৰাইজক নৱবৰ্ষৰ ওলগ লগতে বাপতি-সাহন ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো।link Facebook Twitter Pinterest EmailMarisika blogspot com..

নৱ বৰ্ষৰ ওলগ

নাভূত নাশ্ৰুত

কলা অধ্যায়

কপালে গোপাল

অহৈতুক দেশপ্ৰেম

আত্ম কলহ

নীড় ভঙ্গা পক্ষীৰ বিননী

বিভ্ৰান্ত

লঘু দোষত গুৰু শাস্তি

দেশদ্ৰোহী

সীতা হৰণ

প্ৰতীক্ষাৰ ভোগালী বিহু

বিলুপ্ত অসমীয়া খাদ্য দ্ৰব্য

প্ৰজন্মৰ প্ৰদূৰ্ষণ

শাৰদীয় দূর্গা পূজাৰ শুভেচ্ছা

দালাল

অপসংস্কৃতি

কপালে গোপাল

অৰ্দ্ধংগীনী

অহেতুক প্ৰীতি

ভোদা(অজলা)

অসহিষ্ণু আচৰণ

সময়ৰ সংকেত(ছাইৰেন)

আবেলিৰ নিদান বেলি

সদিচ্ছা

যোগ্য ভোগ্য বসুন্ধৰা

জোকৰ মুখত চুণ

নিভাঁজ বাত্ৰালাপ

ধৰ্মন্ধতা

গণতন্ত্ৰৰ বৈতৰণী

ঠিকনা বিচাৰি

পৰজীৱী

কুকুৰৰ পৰা সাবধান

হৃদয়ৰ কল্লোল

হেপী নিউ ইয়েৰ(happy new year)

কলপ

খন্তেকীয়া অসন্তোষ

মহোহৌ

প্ৰোক্ষণ

মৰহি যোৱা শৈশৱ( শিশু শ্ৰমিক)

নিৰ্বাচনী ওজা-পালি

ৰাজনীতিৰ বিপণি

দেশাত্মবোধ

আজব দেশৰ গুজব কথা

আত্মনিৰ্ভৰশীলতা

পুণ্যভূমি ভাৰতবৰ্ষ

পুণ্যভূমি ভাৰতবৰ্ষ

স্বাস্থ্য

মোৰ প্ৰেমত নপৰিবা

সংক্ৰমণ

ল'কডাউন

আত্মোপলব্ধি

বিস্বত্ৰাস(ক'ৰণা)

মণি কাঞ্চন

নাছোড়বান্দা নাছোড়বান্দা

লঘু দোষত গুৰু শাস্তি

দেশদ্ৰোহী

সীতা হৰণ

প্ৰতীক্ষাৰ ভোগালীবিহু

নৱ বৰ্ষৰ নৱ সংকল্পৰে নৱবৰ্ষৰ শুভেচ্ছাৰে

জোৱাৰ ভাটা

ফৰিঙা জাহ

অদৃষ্টপূৰ্ব ৰিপণী

শিষ্টাচাৰ

জীৱন সুৰভি

নষ্ট কবিৰ প্ৰিয় শব্দ

কৃষকৰ প্ৰেমৰ কবিতা

সুদীৰ্ঘ দিনে পান কৰা গৰল মদিৰা

অদৃষ্টপূৰ্ব ৰিপণি